এইখনেই হৈছে পৃথিৱী কঁপাই তোলা সেই ছবি, যিটো তোলাৰ পিছত ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে আত্মহত্যা কৰিছিল।
মৃত্যুমুখত পৰা শিশুটি ১৯৯৩ চনৰ মাৰ্চ মাহত এমুঠি খাদ্যৰ সন্ধানত দুৰ্ভিক্ষপীড়িত চুডানৰ অয়োদৰ পৰা প্ৰায় আধা মাইল দূৰৰ ৰাষ্ট্ৰসংঘৰ খাদ্য বিতৰণ কেন্দ্ৰলৈ গৈ আছিল।
এটা সময়ত গৈ শিশুটি ঢলি পৰিল আৰু মূৰটো মাটিত থৈ নিথৰ হৈ পৰিল। তেতিয়া এটি ভোকাতুৰ শগুনে লোভী চকু এটা দি শিশুটিৰ মৃত্যুৰ পিছত তাৰ মাংস খাবলৈ ৰৈ থাকে।
এই ফটোখন প্ৰথম প্ৰকাশ হৈছিল ১৯৯৩ চনৰ ২৬ মাৰ্চত "দ্য নিউয়ৰ্ক টাইমছ"ত। সেই সময়ত এই ছবিখনে বিশ্বজুৰি এক বৃহৎ আলোড়নৰ সৃষ্টি কৰিছিল। এই ছবিখনে ১৯৯৪ চনত ফিচাৰ ফটোগ্ৰাফীৰ বাবে পুলিৎজাৰ বঁটাও লাভ কৰিছিল।
ফটোগ্ৰাফাৰ কেভিন কাৰ্টাৰে পুলিৎজাৰ বঁটা লাভ কৰাৰ ৪ মাহ পিছত ৩৩ বছৰ বয়সত আত্মহত্যা কৰে। পিছত গম পোৱা গ’ল যে ছবিখন তোলাৰ পিছৰে পৰা তেওঁ মানসিকভাৱে ভাগি পৰিছিল।
ছবিখনৰ বিষয়ে কেভিন কাৰ্টাৰে তেওঁৰ ডায়েৰীত লিখিছে-
"হে সৃষ্টিকৰ্তা, মই প্ৰতিশ্ৰুতি দিছো যে মই কেতিয়াও খাদ্য নষ্ট নকৰোঁ, যিমানেই বেয়া সোৱাদৰ নহওঁক কিয় আৰু যিমানেই ভোকত নাথাকো কিয় মই কেতিয়াও খাদ্য অপচয় নকৰো। মই প্ৰাৰ্থনা কৰিছোঁ যে আপুনি এই সৰু ল'ৰাটোক বচাই, পথ প্ৰদৰ্শন কৰি তাৰ দুখৰ পৰা মুক্ত কৰক। মই আৰু প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ চৌপাশৰ জগতখনৰ প্ৰতি অধিক সংবেদনশীল হ'ম আৰু আমাৰ আভ্যন্তৰীণ স্বাৰ্থপৰতা আৰু সংকীৰ্ণতাত অন্ধ নহ'ম। মই আশা কৰোঁ যে এই ছবিটি সদায় আমাৰ বাবে উদাহৰণ স্বৰূপে কাম কৰিব, যে আমি কিমান ভাগ্যবান আমি আমাৰ জীৱন ধাৰণৰ খাদ্য অকাৰণতে পাওঁ, এনেকৈ ভবা কেতিয়াও ঠিক নহয়।"
Comments
Post a Comment